মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Department of Tribal Affairs (Plain) Directorate of Assam Institute of Research For Tribals & Scheduled Castes

অন্য সংগঠনৰ লগত সহযোগ

অসম জনজাতি আৰু অনুসূচীত জাতি গৱেষণা প্ৰতিষ্ঠানটোৰ আৰম্ভণিৰে পৰা ই এখন মঞ্চতে চৰকাৰ, আন আন গৱেষক সন্থা, বৃত্তিধাৰী লোক আৰু আন আন অংশীদাৰসকলক একমুখী কৰিবলৈ চেষ্টা কৰি আছে যাতে ৰাজ্য আৰু সেই সীমাৰ বাহিৰৰ বঞ্চিত আৰু অসুবিধাজনক পৰিস্থিতিত থকা জনগোষ্ঠীৰ মানুহখিনিৰ উন্নয়নৰ বাবে কিবা এটা কৰিব পৰা যায়। এই প্ৰতিষ্ঠানে ইয়াৰ কাৰ্যপদ্ধতি এনেকৈ সলনি কৰিছে, যাতে ই ইয়াৰ গুণমান বিশিষ্ট গৱেষণা, পৰামৰ্শ আৰু তথ্য সেৱা সকলোবিলাক অংশীদাৰ, চৰকাৰ আৰু অসামৰিক সন্থালৈ ব্যস্ত হয়। এই পদ্ধতিৰ অংশ হিচাপে এই প্ৰতিষ্ঠানে ২০১২ চনৰ পৰাই গুৱাহাটীৰটাটা ইনষ্টিটিউট অৱ ছোচিয়েল চায়েন্সেজৰ লগত প্ৰশিক্ষণ আৰু সভা আদিৰ ক্ষেত্ৰত একেলগে কাম কৰি আছে। অসম জনজাতি আৰু অনুসূচীত জাতি গৱেষণা প্ৰতিষ্ঠানে সংগঠিত কৰা বিভিন্ন প্ৰশিক্ষণ আৰু সভাত TISSৰ ভালেসংখ্যক শিক্ষক জড়িত হৈ আছে। এই সঞ্চালকালয়ে বিভিন্ন বিশ্ববিদ্যালয়ৰ শিক্ষক, বিদেশী বিশ্ববিদ্যালয়ৰ শিক্ষক, ভূপালৰ আই.এছ.আৰ.অ.ৰ বিজ্ঞানী, বাংগালুৰুৰ আই.চি.আৰ.এম.ৰ বিজ্ঞানী, আই.আই.টি. গুৱাহাটী, গুৱাহাটীৰ এন.আই.আৰ.ডি.ৰ শিক্ষক, আই.আই.বি.এম. খানাপাৰা, আই.আই.ই. লালমাটি, গুৱাহাটী, এ.আই.এম. বামুণীমৈদাম, গুৱাহাটী, চেণ্টাৰ ফৰ মাইক্ৰো ফাইনেন্স এণ্ড লাইভলিহুড, গুৱাহাটী, গুৱাহাটী বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় অনুসূচিত জাতি অৰ্থনীতি আৰু উন্নয়ন নিগম, ভাৰত চৰকাৰৰ জনজাতি মন্ত্ৰালয়, চৰকাৰী বিষয়া আদিক সমল ব্যক্তি হিচাপে আহ্বান কৰি আহিছে।

অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ সম্পৰ্কীয় গৱেষণা আৰু নথিৰ বিষয়ে কাম কৰা আন এক অসামৰিক সন্থা খিলঞ্জীয়াৰ অধ্যয়ন গৱেষণা আৰু নথিভুক্তকৰণৰ প্ৰতিষ্ঠানৰ সহযোগতো এই প্ৰতিষ্ঠানে কাম কৰি আছে।

নতুন দিল্লীস্থিত জনজাতি বিষয়ক মন্ত্ৰালয়ৰ সংযোগী প্ৰতিষ্ঠান হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ অন্য জনজাতীয় গৱেষণা প্ৰতিষ্ঠানৰ সাংস্কৃতিক ক্ষেত্ৰ আৰু তথ্য আদান প্ৰদান আদি কৰা কামো এই প্ৰতিষ্ঠানে আগবঢ়াই আছে।