মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Department of Tribal Affairs (Plain) Directorate of Assam Institute of Research For Tribals & Scheduled Castes

জনজাতি আৰু অনুসূচীত জাতিৰ কাৰণে অসম গৱেষণা প্ৰতিষ্ঠান

অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠান, যিটো জনজাতি গৱেষণা প্ৰতিষ্ঠান নামেৰে জনাজাত –ইয়াৰ জন্ম হৈছিল তৃতীয় পাঁচ বছৰীয়া পৰিকল্পনাৰ সময়ছোৱাত ভাৰত চৰকাৰে লোৱা এক প্ৰস্তাৱ মৰ্মে, যে যি ঠাইত এক নিযুত বা বেছি সংখ্যক জনজাতীয় লোক আছে তাতেই জনজাতীয় গৱেষণা প্ৰতিষ্ঠান এটা স্থাপন কৰা হব। সেই মৰ্মে ১৯৬৩ চনত তেতিয়াৰ অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙত অসমৰ জনজাতি গৱেষণা প্ৰতিষ্ঠানটো (টি.আৰ.আই.) স্থাপন কৰা হয়(অসম, মেঘালয় আৰু মিজোৰাম অন্তৰ্ভূক্ত)।অসম জনজাতীয় অঞ্চল উন্নয়ন বিভাগৰ প্ৰশাসনীয় নিয়ন্ত্ৰণাধীন আৰু ভাৰত চৰকাৰৰ গৃহ বিভাগৰ জৰিয়তে ভাৰত চৰকাৰৰ পৰা শতকৰা এশ ভাগ অনুদান লাভ কৰা এই বিভাগটোৰ গুৱাহাটী, ডিব্ৰুগড়, ডিফু, আইজল, শ্বিলং আৰু তুৰাত ছয়জন জিলা গৱেষণা বিষয়া নিয়োগ কৰা হৈছে। জিলা গৱেষণা বিষয়াসকলক সেই জিলাৰ উপায়ুক্তৰ অধীনত নিয়োগ কৰা হৈছে। মেঘালয় আৰু মিজোৰাম ৰাজ্য প্ৰতিষ্ঠাৰ পিচত এই প্ৰতিষ্ঠানটোও বিভাজিত হয়। অসম চৰকাৰৰ লগত মাত্ৰ তিনিটাহে গৱেষণা কাৰ্যালয় থাকে, যেনে- জিলা গৱেষণা কাৰ্যালয়, গুৱাহাটী, জিলা গৱেষণা কাৰ্যালয়, ডিব্ৰুগড় আৰু জিলা গৱেষণা কাৰ্যালয় ডিফু।

টি.আৰ.আই. সঞ্চালকালয়টো প্ৰতিষ্ঠা কৰাৰ মূল উদ্দেশ্য আছিল ভাৰত চৰকাৰৰ জনজাতীয় আৰু অনুসূচিত জাতিৰ মানুহখিনিক বৌদ্ধিক দিশত সৰ্বসাধাৰণ মানুহৰ সমপৰ্যায়ত উন্নীত কৰাৰ নীতি। প্ৰাৰম্ভিক অৱস্থাত জনজাতীয় গৱেষণা প্ৰতিষ্ঠানটো এক চৰকাৰী অনুষ্ঠান আছিল আৰু কেন্দ্ৰীয় বৰঙণিৰ পৃষ্ঠপোষকতাৰ অংশ ৫০:৫০ আছিল। ইয়াৰ লাভালাভখিনি গোটেই ৰাজ্যৰ অসম জাতি/অনুসূচিত জনজাতি মানুহখিনিৰ মাজলৈ বিস্তাৰিত কৰা হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য গৱেষণা প্ৰতিষ্ঠান হিচাপে ভাৰত চৰকাৰৰ জনজাতীয় মন্ত্ৰালয়ে ইয়াক উত্তৰ পূৰ্বাঞ্চলৰ সংযোগী চি.আৰ.আই হিচাপে ঘোষণা কৰিলে। ৰাজ্য চৰকাৰে আকৌ ইয়াৰ কৰ্মক্ষেত্ৰখন বিস্তৃত কৰিবলৈ ১৯৯০ চনত এই প্ৰতিষ্ঠানৰ নামটো অসম জনজাতীয় আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠান বুলি নামাকৰণ কৰে। আজি এই প্ৰতিষ্ঠানটো হৈছে অসম চৰকাৰৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা সম্প্ৰদায় আৰু অসমৰ বিশেষকৈ আন অসুবিধাত থকা আৰু বঞ্চিত সম্প্ৰদায় আৰু সামগ্ৰিকভাৱে উত্তৰ পূব প্ৰশিক্ষণ কেন্দ্ৰ। অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানৰ উদ্দেশ্য অনুধাৱন কৰি তলত চমুকৈ উল্লেখ কৰা হল-

গৱেষণা আৰু মূল্যায়নৰ অধ্যয়নসমূহ

  • সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক বিষয়, পৰম্পৰাগত জ্ঞান প্ৰণালী ইত্যাদিক সামৰি নৃতত্ব বিজ্ঞান অধ্যয়ন।
  • মূল্যাংকণ আৰু প্ৰভাৱ মূল্যাংকন অধ্যয়ন
  • এথনোগ্ৰাফিক অধ্যয়ন

জৰীপ-

জনগোষ্ঠীৰ ভেটি আৰু অন্যান্য জৰীপ

প্ৰশিক্ষণ

  • জনজাতীয় অঞ্চলত নিয়োজিত উন্নয়ন বিভাগৰ বিষয়াসকলৰ প্ৰশিক্ষণ
  • নিবনুৱা অনুসূচীত জনজাতি/ অনুসূচীত জাতি যুৱকসকলক কৌশল উন্নয়নৰ ওপৰত প্ৰশিক্ষণৰ কাৰ্যসূচী।

সভা আৰু কৰ্মশালা

জনজাতিৰ ওপৰত সংবেদনশীলতা সৃষ্টিৰ বাবে সজাগতা

নথিভুক্তকৰণ

  • জনজাতিৰ জীৱন আৰু কৃষ্টি
  • জনজাতিৰ চহকী কৃষ্টি পৰম্পৰাৰ নথিভুক্তকৰণ
  • ভাষাৰ নথিভুক্তকৰণ

সংগ্ৰহালয়

জনজাতীয় কলা-সম্পদ সংগ্ৰহ আৰু সংৰক্ষণ কৰি আন আন সম্পদসমূহক দৰ্শন বাকচত সংৰক্ষণ

অন্যান্য

  • পুথিভঁড়ালৰ তত্বাৱধান
  • জনজাতীয় সম্পদ বাকচত ৰাখি মেলা আৰু উত্সৱৰ আয়োজন কৰা।

প্ৰাসঙ্গিক কৰ্ম

  • চৰকাৰৰ জনজাতীয় নীতিৰ সংক্ৰান্তত মতামত আগবঢ়োৱা
  • এছ.চি. আৰু এচ.টি তথা অ.বি.চি.ৰ বিষয়ে তথ্য আগবঢ়োৱা
  • এছ.চি. আৰু এছ.টি.ৰ ওপৰত ৰাষ্ট্ৰপতিয়ে দিয়া আদেশৰ প্ৰসঙ্গত এটা জনগোষ্ঠীৰ সামাজিক মৰ্যদাৰ বিষয়ে মন্তব্য আৰু ব্যাখ্যা।

আন্তঃগাঁঠনি

১৯৯২ চনৰ ২ জানুৱাৰী তাৰিখৰ পৰা প্ৰতিষ্ঠানৰ নিজা ভৱনৰ পৰা সঞ্চালকালয়ৰ কাম-কাজ আৰম্ভ হয়। এই ভৱনৰ চৌহদটোৱে প্ৰশাসনীয় আৰু গৱেষণাৰ কামত থকা অকল বিষয়া আৰু কৰ্মচাৰীকে যে ঠাই দিছে তেনে নহয় –ইয়াত এটা পুথিভঁড়াল, এটা ৰংচঙীয়া যাদুঘৰ আৰু প্ৰশিক্ষাৰ্থীৰ বাবে আৱাসৰে সৈতে প্ৰশিক্ষণ শাখাও আছে।

কাৰ্যালয়গৃহৰ চৌহদটো প্ৰায় ৩ বিঘা মাটিকালিৰ (৪৩,২০০ বৰ্গফুট) আৰু ৩ মহলীয়া কাৰ্যালয়ৰ ভেটিৰ কালি প্ৰায় ৮৮০ বৰ্গমিটাৰ। কাৰ্যালয় ভৱনটোত ১৩৭৫ বৰ্গফুট মাপৰ এটা পুথিভঁড়াল, ২২৪০ বৰ্গফুট মাপৰ এটা নৃ-গোষ্ঠীয় সংগ্ৰহালয় আৰু ৩৪জন মানুহ থাকিব পৰাকৈ প্ৰশিক্ষাৰ্থীৰ বাবে আৱাস আছে। কাৰ্যালয় চৌহদত আঠোটা পৰিয়াল থাকিব পৰাৰ জোখেৰে দুটা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে ভৱন আছে। অলপতে অসমৰ মুখ্য সচিব ডাঙৰীয়াৰ উদ্যোগত এই চৌহদটোতে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ বাবে সক্ষমতা নিৰ্মাণৰ উদ্দেশ্যে এটা সাত মহলীয়া অট্টালিকাৰ বাবে ঠাই উলিয়াই ললে। এই ভৱনটোৰে ভূমি সংলগ্ন মজিয়াখন (গাড়ী ৰখা ছালি) আৰু সভাঘৰটো সঞ্চালকালয় আৰু সক্ষমতা নিৰ্মাণ কেন্দ্ৰ উভয়ে ব্যৱহাৰ কৰিব আৰু প্ৰতিষ্ঠানটোক অতিৰিক্তভাৱে আৰু দুখন মজিয়া ব্যৱহাৰৰ বাবে দিয়া হব(সংলগ্ন নথি-১ দ্ৰষ্টব্য)। বাকী থকা মজিয়াবিলাক গৱেষণা আৰু প্ৰশিক্ষণ সংক্ৰান্ত কামত ব্যৱহাৰ হব। কাৰ্যালয় চৌহদৰ বিশদ বিৱৰণ তলত উল্লেখ কৰা হল-

আন্তঃগাঠনি

প্ৰতিষ্ঠানৰ চৌহদৰ মুঠ কালি

 

৩ বিঘা (৪৩২০০ বৰ্গফুট)

 

প্ৰতিষ্ঠানৰ ভৱনৰ সংখ্যা

 

৩ মহলীয়া ২টা শাখা

ভৱনৰ মুঠ কালি 

 

২৪০০ বৰ্গফুট (মজিয়াৰ কালি)

পুথিভঁড়ালৰ আকৃতি

 

১৩৬০ বৰ্গফুট

যাদুঘৰৰ আকৃতি

 

২২৪০ বৰ্গফুট

 

প্ৰশিক্ষণ আৱাস

আৱাসী প্ৰশিক্ষণ কাৰ্য্যসূচীৰ বাবে প্ৰতিষ্ঠানৰ নিজা আৱাসগৃহৰ সুবিধা আছে। প্ৰশাসনীয় ভৱনৰ সৈতে আৱাসটো সংলগ্ন। দুখনকৈ বিচনাযুক্ত আৰু প্ৰতিটোতেই স্নানাগাৰ আৰু আন আন সুবিধাযুক্ত মুঠ সোতৰটা কোঠা আছে। একেলগে পয়ত্ৰিশ জনতকৈ অধিক লোকে আহাৰ গ্ৰহণ কৰিব পৰাকৈ এটি আহাৰ গ্ৰহণ কক্ষও আছে। যিকিনহওক, প্ৰশিক্ষণ আৱাসটো নতুন মান আৰু কলা সুবিধাৰ স্থিতিৰ সমতুল্য কৰাৰ বাবে নবীকৰণৰ আৱশ্যকতা আছে আৰু ইয়াৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া চলি আছে।

অধিবেশন/প্ৰশিক্ষণ/ আলোচনাচক্ৰ কক্ষ

কাৰ্য্যালয়ৰ প্ৰথম মহলাত এটি বিশখন আসনযুক্ত ঘূৰণীয়া মেজমেল সভাকক্ষ স্থাপন কৰা হৈছে। সম্পূৰ্ণ শীত-তাপ নিয়ন্ত্ৰিত এই কক্ষটোত অত্যাধুনিক প্ৰকল্প প্ৰক্ষেপন কৰিব পৰা দৃশ্য-শ্ৰাব্যৰ ব্যৱস্থা ৰখা হৈছে।

মুঠতে প্ৰজেক্টৰ আৰু অন্যান্য কৰিকৰী সুবিধাৰে সৈতে ২৫-৩০ খন আসনযুক্ত তিনিটাকৈ শীত-তাপ নিয়ন্ত্ৰিত প্ৰশিক্ষণ গৃহ আছে।

ক্ষমতা বৰ্ধন কেন্দ্ৰ

পূৰ্বে উল্লেখ কৰাৰ দৰে অসম জনজাতি আৰু অনুসূচীত জাতি গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালকালয় আৰু অনুসূচীত জাতিৰ কল্যাণ সঞ্চালকালয়ৰ যুটীয়া সহযোগত গুৱাহাটীৰ সৰুমটৰীয়াত প্ৰশিক্ষণ, আলোচনাচক্ৰ আদি অনুষ্ঠিত কৰাৰ বাবে অসম জনজাতি আৰু অনুসূচীত জাতি গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালকালয়ৰ প্ৰঙ্গনত এটি ক্ষমতা বৰ্ধন কেন্দ্ৰৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। ৰাজ্যখনৰ পিছপৰা সম্প্ৰদায়ৰ অৰ্থ-সামাজিক সাৱলীকৰণৰ বাবে সৰুমটৰীয়াৰ অনুসূচীত জাতিৰ কল্যাণ সঞ্চালকালয়ে প্ৰয়োজনীয় পুঁজিৰ যোগান ধৰিছে।

নৃ-গোষ্ঠীয় সংগ্ৰহালয়

অসমৰ জনজাতি আৰু অনুসূচিত জাতিৰ গৱেষণা প্ৰতিষ্ঠানৰ যাদুঘৰটো প্ৰতিষ্ঠানৰ আন আন শাখাৰ লগতে ১৯৭৭ চনত স্থাপন কৰে। উত্তৰ পূৰ্বাঞ্চলৰ কৃষ্টিৰ মেলাহি পাত্ৰ অসমৰ চৌদিশৰ পৰা ভালেসংখ্যক মানৱ নিৰ্মিত সামগ্ৰী সংগ্ৰহ কৰি এই চালুকীয়া যাদুঘৰটো এটা পূৰ্ণ পৰ্যায়ৰ যাদুঘৰলৈ ৰূপান্তৰ কৰা হৈছে। বৰ্তমানে উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অসমৰ খিলঞ্জীয়া জনজাতিৰ ভালেখিনি দৰ্শনীয় বস্তু প্ৰদৰ্শন কৰা হৈছে।

অসমৰ জনজাতিসমূহ যেনে- তিৱা, কাৰ্বি, ৰেংমা, মাৰ, ডিমাচা কছাৰী, ৰাভা, বড়ো, মিচিং, সোণোৱাল, কছাৰী, তামাং আৰু আন কিছুমান বস্তুনিষ্ঠ সামগ্ৰী জনজাতি ভিত্তিক স্থাপিত বীথিকাৰ দৰ্শনৰ বাবে বাকচত ৰখা হৈছে।

তদুপৰি অসমৰ জনজাতিৰ দুষ্প্ৰাপ্য আৰু নৃগোষ্ঠীয় অলংকাৰ থকা কিছুমান দৰ্শনীৰ বাচক প্ৰদৰ্শনৰ বাবে এটা বেলেগ কোঠাত ৰখা হৈছে।

এই সঞ্চালকালয়ে যাদুঘৰ বীথিকাত কিছুমান খিলঞ্জীয়া জনজাতিৰ জীৱন আৰু কৃষ্টিৰ ওপৰত চিত্ৰ আঁকিবলৈ যত্ন কৰিছে। কাৰ্বি জনজাতি, বড়ো, ডিমাচা কছাৰী, তিৱা, মিচিং জনজাতিৰ দৃষ্টিনন্দন দৃশ্য আৰু ভাস্কৰ্যসমূহ হুবহু দেখাকৈ উপস্থাপন কৰা হৈছে।

অসমৰ জনজাতি আৰু অনুসূচিত জাতি গৱেষণা সঞ্চলকালয়ৰ নৃগোষ্ঠী যাদুঘৰত মুঠ সাতশতকৈও অধিক শিল্পকলা ৰখা হৈছে। এতিয়া এই নৃগোষ্ঠী যাদুঘৰটোৱে আলোচ্য বস্তুসমূহ ডিজিটেলাইজ কৰি আধুনিকীকৰণত লক্ষ্য কৰিছে। প্ৰতিষ্ঠানখনে কেইখনমান প্ৰচাৰ পুস্তিকা, কেটেলগ প্ৰকাশ কৰিছে। ইয়াত থকা প্ৰদৰ্শনীমূলক বস্তুসমূহৰ ওপৰতো এখন পুস্তিকা প্ৰকাশৰ আঁচনি কৰিছে।

২০১৪-১৫ বৰ্ষত নৃ-গোষ্ঠীয় যাদুঘৰটোৱে নিম্নোক্ত কলা শিল্পসমূহ সংগ্ৰহ কৰিছে-

যাদুঘৰৰ কলা শিল্প (গাৰো, তিৱা, কাৰ্বি)

১,৪৮,৮৫০ টকা

 

যাদুঘৰৰ কলা শিল্প (বড়ো জনজাতি)

৪৬,০০০ টকা

 

যাদুঘৰৰ দৰ্শনী বাকচ সজা আৰু মেৰামতি কৰা

৪,১১,৭০০ টকা

 

 

তদুপৰি জনজাতীয় অলংকাৰ প্ৰদৰ্শন কৰা প্ৰদৰ্শনী বাকচসমূহো ৰং কৰি হৈছে।

কাৰ্য্যালয় গ্ৰন্থাগাৰ

প্ৰতিষ্ঠানটোৰ প্ৰথম মহলাত সমাজ বিজ্ঞান, ভাষা, জীৱ বিজ্ঞান আদি বিষয়ৰ প্ৰায় ১০,০০০ পুথিৰে সমৃদ্ধএটি প্ৰাসংগিক বিষয়ক গ্ৰন্থাগাৰ স্থাপন কৰা হৈছে। বিভিন্ন মন্ত্ৰালয়, প্ৰতিষ্ঠান, অনুষ্ঠান আদিৰ পৰা একুৰিৰো অধিক তথ্যধৰ্মী ইস্তাহাৰ, গৱেষণাধৰ্মী আলোচনীও নিয়মীয়াকৈ ক্ৰয় কৰা হয়। গ্ৰন্থাগাৰটোত সংলগ্ন হৈ আছে অটোমেছন ছফটৱেৰ ব্যৱহৃত আৰু প্ৰসংগ পুথিৰ পৰা সহজ পদ্ধতিৰে তথ্য সংগ্ৰহ কৰিব পৰা আধুনিক প্ৰযুক্তিযুক্ত এটা অধ্যয়ন কক্ষ আছে। ২০১৪-১৫ বৰ্ষত অধ্যয়ন কক্ষত আধুনিক প্ৰযুক্তি সংলগ্ন কৰা হৈছে আৰু নিম্নোলিখিত সমলসমূহ ক্ৰয় কৰা হৈছে-

১. কম্পিউটাৰ- ২ টা
২. কপিয়াৰ মেছিন- ১ টা
৩. অটোমেছন ছফটৱেৰ আৰু বিভিন্ন গ্ৰন্থৰ ক্ৰয়

দলিল ৰচনা

২০১৪-১৫ বৰ্ষত ৩ খন তথ্য চিত্ৰ(দৃশ্য-শ্ৰাব্য) প্ৰযোজনা কৰা হৈছে। তথ্য চিত্ৰকেইখনৰ নাম হৈছে-

১) তিৱা ভাষাৰ ওপৰত ডকুমেণ্টেছন,
২) অসমৰ ডিমাচা কাছাৰীসকলৰ জীৱন আৰু সংস্কৃতিৰ ওপৰত ডকুমেণ্টেছন আৰু
৩) খামতীসকলৰ জীৱন আৰু সংস্কৃতিৰ ওপৰত ডকুমেণ্টেছন।

সাধাৰণ কাম-কাজ

ভূমিতলৰ মজিলাৰ সালসলনি আৰু মেৰামতি- গড়কাপ্তানি বিভাগৰ পি.চি.চি. বিভাগৰ জৰিয়তে আন্তঃগাঠনিৰ উন্নয়ন আৰু অসম জনজাতি আৰু অনুসূচীত জাতি গৱেষণা ভৱনৰ আধুনিকীকৰণ আঁচনিৰ অধীনত কাম কৰিবলৈ ঠাই আৰু লগে লগে প্ৰশাসনীয় কা-কাজৰ বাবে কিছু সালসলনি আৰু মেৰামতি কৰি ভৱনৰ ভিতৰত ঠাই উলিওৱা হৈছে।

সহযোগ

অসম জনজাতি আৰু অনুসূচীত জাতি গৱেষণা প্ৰতিষ্ঠানটোৰ আৰম্ভণিৰে পৰা ই এখন মঞ্চতে চৰকাৰ, আন আন গৱেষক সন্থা, বৃত্তিধাৰী লোক আৰু আন আন অংশীদাৰসকলক একমুখী কৰিবলৈ চেষ্টা কৰি আছে যাতে ৰাজ্য আৰু সেই সীমাৰ বাহিৰৰ বঞ্চিত আৰু অসুবিধাজনক পৰিস্থিতিত থকা জনগোষ্ঠীৰ মানুহখিনিৰ উন্নয়নৰ বাবে কিবা এটা কৰিব পৰা যায়। এই প্ৰতিষ্ঠানে ইয়াৰ কাৰ্যপদ্ধতি এনেকৈ সলনি কৰিছে, যাতে ই ইয়াৰ গুণমান বিশিষ্ট গৱেষণা, পৰামৰ্শ আৰু তথ্য সেৱা সকলোবিলাক অংশীদাৰ, চৰকাৰ আৰু অসামৰিক সন্থালৈ ব্যস্ত হয়। এই পদ্ধতিৰ অংশ হিচাপে এই প্ৰতিষ্ঠানে ২০১২ চনৰ পৰাই গুৱাহাটীৰটাটা ইনষ্টিটিউট অৱ ছোচিয়েল চায়েন্সেজৰ লগত প্ৰশিক্ষণ আৰু সভা আদিৰ ক্ষেত্ৰত একেলগে কাম কৰি আছে। অসম জনজাতি আৰু অনুসূচীত জাতি গৱেষণা প্ৰতিষ্ঠানে সংগঠিত কৰা বিভিন্ন প্ৰশিক্ষণ আৰু সভাত TISSৰ ভালেসংখ্যক শিক্ষক জড়িত হৈ আছে। এই সঞ্চালকালয়ে বিভিন্ন বিশ্ববিদ্যালয়ৰ শিক্ষক, বিদেশী বিশ্ববিদ্যালয়ৰ শিক্ষক, ভূপালৰ আই.এছ.আৰ.অ.ৰ বিজ্ঞানী, বাংগালুৰুৰ আই.চি.আৰ.এম.ৰ বিজ্ঞানী, আই.আই.টি. গুৱাহাটী, গুৱাহাটীৰ এন.আই.আৰ.ডি.ৰ শিক্ষক, আই.আই.বি.এম. খানাপাৰা, আই.আই.ই. লালমাটি, গুৱাহাটী, এ.আই.এম. বামুণীমৈদাম, গুৱাহাটী, চেণ্টাৰ ফৰ মাইক্ৰো ফাইনেন্স এণ্ড লাইভলিহুড, গুৱাহাটী, গুৱাহাটী বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় অনুসূচিত জাতি অৰ্থনীতি আৰু উন্নয়ন নিগম, ভাৰত চৰকাৰৰ জনজাতি মন্ত্ৰালয়, চৰকাৰী বিষয়া আদিক সমল ব্যক্তি হিচাপে আহ্বান কৰি আহিছে।

অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ সম্পৰ্কীয় গৱেষণা আৰু নথিৰ বিষয়ে কাম কৰা আন এক অসামৰিক সন্থা খিলঞ্জীয়াৰ অধ্যয়ন গৱেষণা আৰু নথিভুক্তকৰণৰ প্ৰতিষ্ঠানৰ সহযোগতো এই প্ৰতিষ্ঠানে কাম কৰি আছে।

নতুন দিল্লীস্থিত জনজাতি বিষয়ক মন্ত্ৰালয়ৰ সংযোগী প্ৰতিষ্ঠান হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ অন্য জনজাতীয় গৱেষণা প্ৰতিষ্ঠানৰ সাংস্কৃতিক ক্ষেত্ৰ আৰু তথ্য আদান প্ৰদান আদি কৰা কামো এই প্ৰতিষ্ঠানে আগবঢ়াই আছে।