১৯৯২ চনৰ ২ জানুৱাৰী তাৰিখৰ পৰা প্ৰতিষ্ঠানৰ নিজা ভৱনৰ পৰা সঞ্চালকালয়ৰ কাম-কাজ আৰম্ভ হয়। এই ভৱনৰ চৌহদটোৱে প্ৰশাসনীয় আৰু গৱেষণাৰ কামত থকা অকল বিষয়া আৰু কৰ্মচাৰীকে যে ঠাই দিছে তেনে নহয় –ইয়াত এটা পুথিভঁড়াল, এটা ৰংচঙীয়া যাদুঘৰ আৰু প্ৰশিক্ষাৰ্থীৰ বাবে আৱাসৰে সৈতে প্ৰশিক্ষণ শাখাও আছে।
কাৰ্যালয়গৃহৰ চৌহদটো প্ৰায় ৩ বিঘা মাটিকালিৰ (৪৩,২০০ বৰ্গফুট) আৰু ৩ মহলীয়া কাৰ্যালয়ৰ ভেটিৰ কালি প্ৰায় ৮৮০ বৰ্গমিটাৰ। কাৰ্যালয় ভৱনটোত ১৩৭৫ বৰ্গফুট মাপৰ এটা পুথিভঁড়াল, ২২৪০ বৰ্গফুট মাপৰ এটা নৃ-গোষ্ঠীয় সংগ্ৰহালয় আৰু ৩৪জন মানুহ থাকিব পৰাকৈ প্ৰশিক্ষাৰ্থীৰ বাবে আৱাস আছে। কাৰ্যালয় চৌহদত আঠোটা পৰিয়াল থাকিব পৰাৰ জোখেৰে দুটা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে ভৱন আছে। অলপতে অসমৰ মুখ্য সচিব ডাঙৰীয়াৰ উদ্যোগত এই চৌহদটোতে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ বাবে সক্ষমতা নিৰ্মাণৰ উদ্দেশ্যে এটা সাত মহলীয়া অট্টালিকাৰ বাবে ঠাই উলিয়াই ললে। এই ভৱনটোৰে ভূমি সংলগ্ন মজিয়াখন (গাড়ী ৰখা ছালি) আৰু সভাঘৰটো সঞ্চালকালয় আৰু সক্ষমতা নিৰ্মাণ কেন্দ্ৰ উভয়ে ব্যৱহাৰ কৰিব আৰু প্ৰতিষ্ঠানটোক অতিৰিক্তভাৱে আৰু দুখন মজিয়া ব্যৱহাৰৰ বাবে দিয়া হব।(সংলগ্ন নথি-১ দ্ৰষ্টব্য)। বাকী থকা মজিয়াবিলাক গৱেষণা আৰু প্ৰশিক্ষণ সংক্ৰান্ত কামত ব্যৱহাৰ হব। কাৰ্যালয় চৌহদৰ বিশদ বিৱৰণ তলত উল্লেখ কৰা হল-
আন্তঃগাঠনি
প্ৰতিষ্ঠানৰ চৌহদৰ মুঠ কালি
| ৩ বিঘা (৪৩২০০ বৰ্গফুট)
|
প্ৰতিষ্ঠানৰ ভৱনৰ সংখ্যা
| ৩ মহলীয়া ২টা শাখা |
ভৱনৰ মুঠ কালি
| ২৪০০ বৰ্গফুট (মজিয়াৰ কালি) |
পুথিভঁড়ালৰ আকৃতি
| ১৩৬০ বৰ্গফুট |
যাদুঘৰৰ আকৃতি
| ২২৪০ বৰ্গফুট |