মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Department of Tribal Affairs (Plain) Directorate of Assam Institute of Research For Tribals & Scheduled Castes

আমি কি কৰোঁ

  • লক্ষ্য

    অসমৰ অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ বহনক্ষম অৰ্থ সামজিক উন্নয়ন, ক্ষমতা বৰ্ধন আৰু ভাষা আৰু সংস্কৃতিৰ সংৰক্ষণ।

    অভিযান

    গুণগত গৱেষণা আৰু ক্ষমতা বৰ্ধন কাৰ্য্যসূচীৰ জৰিয়তে অসমৰ অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ কল্যাণ সাধন কৰা।

    কাৰ্য্যাৱলীসমূহৰ তালিকা

    এই প্ৰতিষ্ঠানৰ মুখ্য কাৰ্য্যাৱলীসমূহ হৈছে

    (১) গৱেষণা
    (২) মূল্যায়ন
    (৩) পৰিকল্পনা আৰু
    (৪) প্ৰশিক্ষণ

    ইয়াৰ উপৰিও আন আন কাৰ্যযাৱলীৰ ভিতৰত আছে গ্ৰন্থৰ প্ৰকাশ, বছৰেকীয়া গৱেষণা পত্ৰিকাৰ প্ৰকাশ, প্ৰতিষ্ঠানৰ কাৰ্য্যক্ৰমৰ প্ৰচাৰৰ বাবে বিজ্ঞতাপূৰ্ণ আৰু প্ৰকাশনৰ ব্যৱস্থা, স্বাস্থ্য আৰু বনানীকৰণ সম্পৰ্কে সজাগতামূলক কাৰ্য্যসূচী, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বিষয়ক গ্ৰন্থৰ প্ৰকাশৰ বাবে গ্ৰন্থাকাৰক আৰ্থিক সাহাৰ্য্য প্ৰদান, ৰাষ্ট্ৰীয়, আঞ্চলিক আৰু ৰাজ্যিক পৰ্য্যায়ত প্ৰদৰ্শনীৰ আয়োজন, কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিৰ্বাচিত ডক্টৰেট আৰু পোষ্ট ডক্টৰেট ডিগ্ৰীৰ বাবে ফেলোশ্বিপ প্ৰদান, নৃ গোষ্ঠী যাদুঘৰ, প্ৰসংগ গ্ৰন্থাগাৰ, অনুসূচীত জাতি/অনুসূচীত জনজাতিৰ ওপৰত তথ্য বেংক, দলিল ৰচনা কেন্দ্ৰ, দৃশ্য-শ্ৰাব্যৰ মাধ্যমেৰে জনজাতীয় লোকসকলৰ জীৱন আৰু সংস্কৃতিৰ তথ্য চিত্ৰ আৰু আন আন বিষয়সমূহৰ তদাৰকী কৰা।

    • মুখ্য উদ্দেশ্যাৱলীসমূহ
    • সমাজৰ পিছপৰা সম্প্ৰদায়ৰ উন্নয়নমূলক, এছনোগ্ৰাফিকেল আৰু অৰ্থ ৰাজনৈতিক বিষয়সমূহৰ ওপৰত প্ৰকৃত গৱেষণা আৰু মূল্যায়ন অধ্যয়নৰ কৰা।
    • অনুসূচীত জাতি/অনুসূচীত জনজাতি/অন্যান্য পিছপৰা শ্ৰেণীৰ যুৱক-যুৱতী, চৰকাৰী বিষয়াসকল আৰু বে-চৰকাৰী সংস্থাসমূহৰ কাৰণে ক্ষমতা বৰ্ধনৰ কাৰ্য্যসূচী।
    • অনুসূচীত জাতি/অনুসূচীত জনজাতিৰ প্ৰভাৱিত বিষয়সমূহৰ ওপৰত আলোচনা আৰু উপস্থাপনৰ কাৰণে এক মঞ্চ প্ৰদান কৰা।
    • ৰাজ্যখনৰ অনুসূচীত জাতি/অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ ভাষা আৰু সংস্কৃতিৰ সংৰক্ষণ
    • অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ লগত জড়িত বিভিন্ন বিষয়ৰ তথ্য সংগ্ৰহ আৰু অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিক লৈ প্ৰণয়ন কৰা গ্ৰন্থৰ সংৰক্ষণ কৰা।