মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Department of Tribal Affairs (Plain) Directorate of Assam Institute of Research For Tribals & Scheduled Castes

নতুন পদক্ষেপ আৰু সফলতাসমূহ

নতুন পদক্ষেপসমূহ-

সক্ষমতা নিৰ্মাণ প্ৰশিক্ষণ আঁচনি

চৰকাৰী বিভাগসমূহত গৱেষণা আৰু প্ৰশিক্ষণৰ খুব খৰকৈ আৰু বহু পৰিমাণে প্ৰয়োজন হোৱা নতুন আৰু বিভিন্ন বিষয়ত খাপ খুৱাব পৰা সক্ষমতা নিৰ্মাণ সূচনাৰ প্ৰয়োজন হৈছে, যাতে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা সম্প্ৰদায় আৰু আন আন বঞ্চিত আৰু অসুবিধাত থকা দলৰ বাবে উন্নয়ন বিভাগসমূহে মূল্যায়ন আৰু ৰূপায়ণ কৰোতে সময়ৰ সলনিৰ লগে লগে প্ৰয়োজনীয় জ্ঞান আৰু কৌশল আয়ত্ত কৰিব পাৰে। সেই হিচাপে কৌশল উন্নয়ন প্ৰশিক্ষণৰ আঁচনিৰ বাহিৰেও চৰকাৰী কৰ্মচাৰী, বেচৰকাৰী কৰ্মী, অসামৰিক সন্থাৰ প্ৰতিনিধি বা গতানুগতিক জনজাতীয় সন্থা আদিক সামৰি আঁচনি বনাব পৰা যায়।

ভাষা প্ৰশিক্ষণ আঁচনি

নৃ-গোষ্ঠীয় দিশৰ পৰা চাবলৈ গলে অসমৰ সকলো জনজাতিয়েই মঙ্গোলীয় গোষ্ঠীৰ, কিন্তু ভাষাৰ ক্ষেত্ৰত চাবলৈ গলে ইটোৰ লগত সিটো ভাষাৰ কিছু ক্ষেত্ৰত পাৰ্থক্য আছে। গতিকে জনজাতীয় ভাষাসমূহ সংৰক্ষণ, বহুল প্ৰচাৰ আৰু ভাল এটা বুজাপৰাৰ মাজলৈ আনিব পৰাৰ কৌশল হিচাপে অসম জনজাতি আৰু অনুসূচীত জাতি গৱেষণা প্ৰতিষ্ঠানে অসমৰ এটা জনজাতীয় ভাষা প্ৰশিক্ষণৰ বাবে এটা সাদিনীয়া প্ৰশিক্ষণ আঁচনি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰে।

চৰকাৰী নীতি আৰু আঁচনি মূলীয় সভা/বক্তৃতানুষ্ঠান

অসমৰ জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানে বিভিন্ন অনুসূচীত জনজাতি/অনুসূচীত জাতি সম্পৰ্কিত নিয়ম আৰু ৰূপায়ণৰ উন্নয়নৰ কামত লাগি থকা বিষয়া/কৰ্মচাৰীৰ জ্ঞান আৰু কৌশলসমূহ উন্নত কৰি সজাগতাৰ সৃষ্টি কৰি সময়ৰ লগে লগে খাপ খুৱাই লবলৈ অহোপুৰুষাৰ্থ কৰিছে।

সহযোগৰ প্ৰচেষ্টা

অসম জনজাতি আৰু অনুসূচীত জাতি গৱেষণা প্ৰতিষ্ঠানে আন আন বিশিষ্ট প্ৰশিক্ষণ প্ৰতিষ্ঠান/সন্থাৰ লগত সহযোগৰ কৰ্মত লাগি আছে, যিটোত ধ্যান-ধাৰণাৰ এটা সালসলনি কৰাৰ সুবিধা হব আৰু চৰকাৰী কৰ্মচাৰীৰ সক্ষমতা বৃদ্ধিত উল্লেখযোগ্য অৰিহণা যোগাব।

পুথিভঁড়াল যান্ত্ৰিকীকৰণ

অসম জনজাতি আৰু অনুসূচীত জাতি গৱেষণা প্ৰতিষ্ঠানৰ পুথিভঁড়ালটো এতিয়া ডিজিটেল হোৱাৰ পথত। ইতিমধ্যে পুথিভঁড়াল যান্ত্ৰিকীকৰণৰ বাবে ইয়াৰ Search Functionখিনি উন্নত কৰা হৈছে।

অসম জনজাতি আৰু অনুসূচীত জাতি গৱেষণা প্ৰতিষ্ঠান সন্থাৰ সৃষ্টি

অসম জনজাতি আৰু অনুসূচীত জাতি গৱেষণা প্ৰতিষ্ঠানে অসম জনজাতি আৰু অনুসূচীত জাতি গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালকালয়ৰ ভিতৰতে এটা সন্থা খুলিবলৈ প্ৰস্তাৱ লৈছে, যিটোৰ সৰ্বাত্মকভাৱে বিভিন্ন প্ৰকাৰৰ কাম হাতত লৈ উন্নত মানৰ কৰি দেশৰ আন আন মুখ্য প্ৰসিক্ষণ প্ৰতিষ্ঠানৰ সমপৰ্যায়লৈ লৈ যাব পাৰে। কাৰ্যকৰী আৰু সম্পদশালী স্বশাসনে প্ৰশিক্ষণ আঁচনিসমূহ গুণগত আৰু সংখ্যাগত দিশত উন্নত কৰিব। এই কামে এই প্ৰতিষ্ঠানক আন আন প্ৰতিষ্ঠানৰ সৈতে সহযোগী হৈ আগবাঢ়ি যোৱাত সহজ কৰি তুলিব।