মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Department of Tribal Affairs (Plain) Directorate of Assam Institute of Research For Tribals & Scheduled Castes

অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ লোকসকলৰ অৰ্থ-সামাজিক উত্তৰণৰ কাৰণে সজাগতা সৃষ্টি

অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠান, যিটো জনজাতি গৱেষণা প্ৰতিষ্ঠান নামেৰে জনাজাত –ইয়াৰ জন্ম হৈছিল তৃতীয় পাঁচ বছৰীয়া পৰিকল্পনাৰ সময়ছোৱাত ভাৰত চৰকাৰে লোৱা এক প্ৰস্তাৱ মৰ্মে, যে যি ঠাইত এক নিযুত বা বেছি সংখ্যক জনজাতীয় লোক আছে তাতেই জনজাতীয় গৱেষণা প্ৰতিষ্ঠান এটা স্থাপন কৰা হব। সেই মৰ্মে ১৯৬৩ চনত তেতিয়াৰ অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙত অসমৰ জনজাতি গৱেষণা প্ৰতিষ্ঠানটো (টি.আৰ.আই.) স্থাপন কৰা হয়।

টি.আৰ.আই. সঞ্চালকালয়টো প্ৰতিষ্ঠা কৰাৰ মূল উদ্দেশ্য আছিল ভাৰত চৰকাৰৰ জনজাতীয় আৰু অনুসূচিত জাতিৰ মানুহখিনিক বৌদ্ধিক দিশত সৰ্বসাধাৰণ মানুহৰ সমপৰ্যায়ত উন্নীত কৰাৰ নীতি। এই কথাটোৰ বাবে টি.আৰ.আই.ৰ দায়িত্ব আছিল জনজাতীয় মানুহখিনিৰ মাজত চৰকাৰী সা-সুবিধাবিলাকৰ বিষয়ে সজাগ কৰা।

প্ৰাৰম্ভিক অৱস্থাত জনজাতীয় গৱেষণা প্ৰতিষ্ঠানটো এক চৰকাৰী অনুষ্ঠান আছিল আৰু কেন্দ্ৰীয় বৰঙণিৰ পৃষ্ঠপোষকতাৰ অংশ ৫০:৫০ আছিল। ইয়াৰ লাভালাভখিনি গোটেই ৰাজ্যৰ অসম জাতি/অনুসূচিত জনজাতি মানুহখিনিৰ মাজলৈ বিস্তাৰিত কৰা হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য গৱেষণা প্ৰতিষ্ঠান হিচাপে ভাৰত চৰকাৰৰ জনজাতীয় মন্ত্ৰালয়ে ইয়াক উত্তৰ পূৰ্বাঞ্চলৰ সংযোগী চি.আৰ.আই হিচাপে ঘোষণা কৰিলে। ৰাজ্য চৰকাৰে আকৌ ইয়াৰ কৰ্মক্ষেত্ৰখন বিস্তৃত কৰিবলৈ ১৯৯০ চনত এই প্ৰতিষ্ঠানৰ নামটো অসম জনজাতীয় আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠান বুলি নামাকৰণ কৰে। আজি এই প্ৰতিষ্ঠানটো হৈছে অসম চৰকাৰৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা সম্প্ৰদায় আৰু অসমৰ বিশেষকৈ আন অসুবিধাত থকা আৰু বঞ্চিত সম্প্ৰদায় আৰু সামগ্ৰিকভাৱে উত্তৰ পূব প্ৰশিক্ষণ কেন্দ্ৰ।