অসমৰ জনজাতি আৰু অনুসূচিত জাতিৰ গৱেষণা প্ৰতিষ্ঠানৰ যাদুঘৰটো প্ৰতিষ্ঠানৰ আন আন শাখাৰ লগতে ১৯৭৭ চনত স্থাপন কৰে। উত্তৰ পূৰ্বাঞ্চলৰ কৃষ্টিৰ মেলাহি পাত্ৰ অসমৰ চৌদিশৰ পৰা ভালেসংখ্যক মানৱ নিৰ্মিত সামগ্ৰী সংগ্ৰহ কৰি এই চালুকীয়া যাদুঘৰটো এটা পূৰ্ণ পৰ্যায়ৰ যাদুঘৰলৈ ৰূপান্তৰ কৰা হৈছে। বৰ্তমানে উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অসমৰ খিলঞ্জীয়া জনজাতিৰ ভালেখিনি দৰ্শনীয় বস্তু প্ৰদৰ্শন কৰা হৈছে।
অসমৰ জনজাতিসমূহ যেনে- তিৱা, কাৰ্বি, ৰেংমা, মাৰ, ডিমাচা কছাৰী, ৰাভা, বড়ো, মিচিং, সোণোৱাল, কছাৰী, তামাং আৰু আন কিছুমান বস্তুনিষ্ঠ সামগ্ৰী জনজাতি ভিত্তিক স্থাপিত বীথিকাৰ দৰ্শনৰ বাবে বাকচত ৰখা হৈছে।
তদুপৰি অসমৰ জনজাতিৰ দুষ্প্ৰাপ্য আৰু নৃগোষ্ঠীয় অলংকাৰ থকা কিছুমান দৰ্শনীৰ বাচক প্ৰদৰ্শনৰ বাবে এটা বেলেগ কোঠাত ৰখা হৈছে।
এই সঞ্চালকালয়ে যাদুঘৰ বীথিকাত কিছুমান খিলঞ্জীয়া জনজাতিৰ জীৱন আৰু কৃষ্টিৰ ওপৰত চিত্ৰ আঁকিবলৈ যত্ন কৰিছে। কাৰ্বি জনজাতি, বড়ো, ডিমাচা কছাৰী, তিৱা, মিচিং জনজাতিৰ দৃষ্টিনন্দন দৃশ্য আৰু ভাস্কৰ্যসমূহ হুবহু দেখাকৈ উপস্থাপন কৰা হৈছে।
অসমৰ জনজাতি আৰু অনুসূচিত জাতি গৱেষণা সঞ্চলকালয়ৰ নৃগোষ্ঠী যাদুঘৰত মুঠ সাতশতকৈও অধিক শিল্পকলা ৰখা হৈছে। এতিয়া এই নৃগোষ্ঠী যাদুঘৰটোৱে আলোচ্য বস্তুসমূহ ডিজিটেলাইজ কৰি আধুনিকীকৰণত লক্ষ্য কৰিছে। প্ৰতিষ্ঠানখনে কেইখনমান প্ৰচাৰ পুস্তিকা, কেটেলগ প্ৰকাশ কৰিছে। ইয়াত থকা প্ৰদৰ্শনীমূলক বস্তুসমূহৰ ওপৰতো এখন পুস্তিকা প্ৰকাশৰ আঁচনি কৰিছে।
২০১৪-১৫ বৰ্ষত নৃ-গোষ্ঠীয় যাদুঘৰটোৱে নিম্নোক্ত কলা শিল্পসমূহ সংগ্ৰহ কৰিছে-
যাদুঘৰৰ কলা শিল্প (গাৰো, তিৱা, কাৰ্বি) | ১,৪৮,৮৫০ টকা
|
যাদুঘৰৰ কলা শিল্প (বড়ো জনজাতি) | ৪৬,০০০ টকা
|
যাদুঘৰৰ দৰ্শনী বাকচ সজা আৰু মেৰামতি কৰা | ৪,১১,৭০০ টকা
|
তদুপৰি জনজাতীয় অলংকাৰ প্ৰদৰ্শন কৰা প্ৰদৰ্শনী বাকচসমূহো ৰং কৰি হৈছে।
দৰ্শনীৰ বাকচৰ কৃষ্টি .......... এ.আই.আৰ.টি. এণ্ড এছ.চি.ৰ নৃ-গোষ্ঠীয় যাদুঘৰ
-শ্ৰীমতী নাজমীন এ.এইচ. আনম, যাদুঘৰ তত্বাৱধায়ক
যাদুঘৰ প্ৰতিষ্ঠানটো এখন দেশ বা অঞ্চলৰ সাংস্কৃতিক কেন্দ্ৰ বা সংস্কৃতিৰ ব্যাখ্যা কাৰক বুলি কব পাৰি। যাদুঘৰবিলাক সদায় প্ৰকৃত বা স্পৰ্শনীয় সাংস্কৃতিক বস্তুৰ লগত সম্পৰ্কিত। কিন্তু ২০০৭ চনত অষ্ট্ৰিয়াৰ ভিয়েনাত অনুষ্ঠিত ২১ সংখ্যক সাধাৰণ সভাত আই.অ.চি.এম.য়ে এটা মত প্ৰকাশ কৰিলে যে যাদুঘৰবিলাকত প্ৰকৃত বা স্পৰ্শনীয় আৰু অবোধগম্য বা অস্পৰ্শনীয় দুয়োবিধ পৰম্পৰাই থাকিব লাগিব। কিছুমান পণ্ডিতে মত দিয়ে যে অ-স্পৰ্শনীয় কৃষ্টিতকৈ স্পৰ্শনীয় কৃষ্টিৰ সুবিধা এই কাৰণেই বেছি যে বহু দীঘলীয়া দিনলৈ ই যত্ন পাই থাকে।
সংস্কৃতি হৈছে মানুহৰ জীৱনৰ এটা পথ। সমাজৰ কলা, বিশ্বাস, দস্তুৰ, ভাষা, কাৰিকৰী বিদ্যা, অনুষ্ঠান আৰু মূল্য এই সংস্কৃতিৰ বান্ধোনতে সোমাই থাকে। এক বিশেষ পাৰিপাৰ্শ্বিকতাত এক বিশেষ সমাজত সেই মানুহখিনিৰ মাজত সংস্কৃতিয়ে এক ব্যৱহাৰ আৰু ভাৱানুৱেগৰ সৃষ্টি কৰে। সাংস্কৃতিক পৰম্পৰা হৈছে এখন সমাজৰ বস্তুবাদি সংস্কৃতি আৰু অস্পৰ্শনীয় দস্তাবেজ যিটো অতীতৰ পৰা পৰম্পৰা হিচাপে আহি আছে। বস্তুবাদি সংস্কৃতি হৈছে মানৱ সভ্যতাৰ বুৰঞ্জীত এক অন্তৰ্নিহিত অংশ, কাৰণ মানৱ সভ্যতাৰ বুৰঞ্জী সৃষ্টি আৰু পুনঃসৃষ্টিৰ ধাৰণাত ই এক বাস্তৱ মূলৰ সৃষ্টি কৰে। গতিকে সংস্কৃতিৰ ক্ষেত্ৰত এই কথাটো নিৰাপদে কব পাৰি যে এখন সমাজৰ সমগ্ৰ কাৰ্যকলাপ আৰু ধ্যান-ধাৰণা আৰু পৰম্পৰাগত অংশীদাৰিত্ব ইপুৰুষৰ পৰা সিপুৰুষলৈ গৈ থাকে।
যাদুঘৰবিলাক অকল ভিন ভিন জনগোষ্ঠীৰ পৰা সংগ্ৰহ কৰা মানৱ সৃষ্ট সম্পদৰ সংগ্ৰহালয়েই নহয়। প্ৰচুৰ গৱেষণাৰ দ্বাৰা সৃষ্টি কৰা সুপৰিকল্পিত নথি-পত্ৰই হৈছে নৃতাত্বিক সংগ্ৰহালয় মেৰুদণ্ড, -যিহেতুকে ইয়াৰ অবিৰত গৱেষণাই কোনো জনগোষ্ঠীৰ প্ৰাসঙ্গিক ধাৰাবাহিকতা নিৰ্ণয় কৰে। বছৰ বাগৰাৰ লগে লগে সাংস্কৃতিক অব্যাহত ৰখাৰ প্ৰতি যথেষ্ট নজৰ দিয়া হৈছে। আগতে নৃতাত্বিক সংগ্ৰহালয়সমূহে অকল সাংস্কৃতিক সম্পদহে প্ৰদৰ্শন কৰিছিল। বৰ্তমানে বহুবিলক নৃ-গোষ্ঠীয় দল তেওঁলোকৰ হেৰাই যোৱা নৃ-গোষ্ঠীয় সম্পৰ্ক বিশুদ্ধভাৱে যাদুঘৰৰ সংগ্ৰহবিলাকৰ বিষয়ে লাগিছে। বংশাৱলী, ফটোগ্ৰাফ, পৰম্পৰাগত তথ্য আদিয়ে আন আন মানৱ সৃষ্ট সম্পদৰ দৰেকৈ আচহুৱা আৰু প্ৰয়োজনীয়ভাৱে দজনগোষ্ঠীয় পৰিচয় আৰু বুৰঞ্জী যোঁটাবলৈ আগত থিয় দিয়েহি। জন ষ্টৌটনে তেওঁৰ “Ethnographic Museum : Collection from the past into the Future” গ্ৰন্থত কৈছে যে মানৱ সৃষ্ট সম্পদসমূহৰ নিজস্ব পৰম্পৰা, সম্পদ সৃষ্টিৰ সেই অতীজনৰ পৰা ই শিহৰণকাৰী, ইয়াৰ ব্যৱহাৰ বিধি বোধহয় নতুন ব্যাখ্যাকৰ্ত্তালৈ এৰি থৈ গৈছে। এই কথাটো কয় যে যাদুঘৰ বিলাকে এই সলনি হৈ থকা কথাখিনি সুবিধাজনকভাৱে ঠাই দিব –যেতিয়ালৈকে এই সম্পদসমূহে তাৰ ভিতৰত লৈ থকা কাহিনীসমূহ যোগাযোগৰ বাবে প্ৰতিফলন মাধ্যম বুলি ধৰে। ষ্টৌটনে কয় যে ইয়াৰ বুৰঞ্জী আহিব ইয়াৰ মূল জনগোষ্ঠীৰ উপৰিও দৰ্শকৰ পৰা, পণ্ডিত আৰু ইয়াৰ মূল জনগোষ্ঠীৰ উপৰিও দৰ্শকৰ পৰা পণ্ডিত আৰু তত্বাৱধায়কৰ পৰা।
নৃ-গোষ্ঠীয় যাদুঘৰে তথ্যৰ প্ৰাচুৰ্য্য, ইয়াৰ ওপৰত অহা জ্ঞানৰ ভাণ্ডাৰৰ ওপৰত নিৰ্ভৰ কৰে। যাদুঘৰত থকা সম্পদসমূহ যোগাযোগৰ মাধ্যম হৈ পৰে যিটোৱে বিভিন্ন দিশত এক অন্তৰ্দৃষ্টি দান কৰে। এইটো এটা স্পষ্টভাৱে প্ৰতিফলিত কথা যে যাদুঘৰত থকা এবিধ সম্পদ হৈছে সেই সম্পদ বিধৰ স্ৰষ্টা বা ব্যৱহাৰকাৰী আৰু তত্বাৱধায়কৰ মাজত হোৱা সংগ্ৰামৰ ফল।
প্ৰদৰ্শন কাৰ্যৰ উপৰিও কৃষ্টি আৰু পৰম্পৰাৰ সম্পদসমূহ দৰ্শন বাকচত ৰখাটো যাদুঘৰৰ এটা প্ৰধান কাম। পৰম্পৰাই পাৰ্থিৱ আৰু সাংস্কৃতিক পাৰিপাৰ্শ্বিকতাক আৱৰি ৰাখে। দীঘলীয়া ঐতিহাসিক উন্নয়নসমূহ ই সংৰক্ষণ আৰু স্পষ্টভাৱে ৰাখে। যাদুঘৰত থকা মানুহৰ বুৰঞ্জী আৰু কৃষ্টিৰ কথা মনত পেলাই দিয়ে। যেতিয়া নৃ-গোষ্ঠীয় সম্পদসমূহ বীথিকাত থকা দৰ্শন বাকচত সুমুৱাই লেবেল লগাই ডিজিটাইজ কৰা হয় তেতিয়া এই সম্পদসমূহে ইয়াৰ আগৰ সৰলতাখিনি হেৰুৱাই পেলায়। যেতিয়া কোনো দৰ্শকে এটা প্ৰদৰ্শনৰ ওপৰত চকু দিয়ে, তেওঁৰ দৃষ্টিত এক অনুসন্ধিত্সু জাগি উঠে আৰু সেই প্ৰদৰ্শনটোৰ ওপৰত তেওঁ সক্ৰিয় হৈ উঠে। যেতিয়া এজন দৰ্শক বা পণ্ডিতে সেই কৃষ্টিৰ সমলৰ হেৰোৱা আঁত ডাল বিচাৰি পায়, তেতিয়াই তেনে এটা পৰিস্থিতিৰ সৃষ্টি হয়। যাদুঘৰত সঠিক আৰু নিৰ্ভুলভাৱে কৃষ্টিৰ সমল ভৰোৱা কথাটোত এইবাবেই গুৰুত্ব দিব লাগে যাতে যাদুঘৰটোৰ শৈক্ষিক দিশটোৰ মান বৃদ্ধি হয়। কাৰণ প্ৰদৰ্শনটোৰ লগত কোনো শিক্ষাৰ বস্তু কোনো শিকিব লগা বস্তু, কোনো বাধ্যতামূলক পাঠ্যক্ৰম সাঙুৰি থোৱা নাথাকে, সম্পদ প্ৰদৰ্শনৰ ধৰণটোৱেই শিকাৰুৰ মনটোক ঢাল খুৱাব লাগে, যিহেতুকে যাদুঘৰৰ শিক্ষাখিনি স্বতঃস্ফূৰ্ত। শিক্ষা প্ৰদানৰ দিশত যাদুঘৰসমূহে মানুহৰ মগজু সক্ৰিয় কৰে আৰু লগে লগে আনন্দদায়ক অভিজ্ঞতাও দিয়ে।
অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানৰ নৃ-গোষ্ঠীয় যাদুঘৰত উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ভালেখিনি সংখ্যক সম্পদ সংৰক্ষিত হৈ আছে। মিচিং, বড়ো, ৰাভা, কাৰ্বি, ডিমাচা, হাজং, তিৱা, সোণোৱাল, কছাৰী, মাৰ, কুকি, গাৰো, ৰেংমা নগা, জেমি নগা আদি অসমৰ বিভিন্ন জনগোষ্ঠীৰ নিজস্ব স্পষ্ট কৃষ্টি আছে যিবিলাকে স্পৰ্শনীয় আৰু অস্পৰ্শনীয় দুয়োবিধ চাৰিত্ৰিক বৈশিষ্ট্যৰ সম্পদকে আৱৰি আছে। এই জনগোষ্ঠীসমূহৰ বস্তুনিষ্ঠ কৃষ্টিসমূহ যেনে- বাদ্যযন্ত্ৰ, মাছ ধৰা আৰু চিকাৰ কৰা সঁজুলি পৰম্পৰাগত পোচাক, ব্যৱহাৰ্য বস্তু, গহণা আদিয়ে এই নৃ-গোষ্ঠীয় যাদুঘৰত স্থান পাইছে। উত্তৰ পূৰ্বাঞ্চলৰ ভূভাগ বিভিন্ন ধৰণৰ উদ্ভিদকূল আৰু জীৱকূলৰ বাবে চহকী। এই জনগোষ্ঠীসমূহৰ বেছিভাগ মানৱ সৃষ্ট সম্পদেই বাঁহ আৰু বেঁতেৰে সজা। তেনেকৈ সঁজা গহণাৰ বাকচ, বস্তু গোটাই থোৱা খাং, বস্তু কঢ়িয়াই নিয়া খাং আদি প্ৰদৰ্শন বাকচত প্ৰদৰ্শনীৰ বাবে থোৱা আছে। নলী থকা কাঠৰ বাতি, কাঠৰ হেতা, বস্তু ঠাহ খুৱাই থব পৰা ভিন ভিন আকৃতিৰ খাং বিলাকো প্ৰদৰ্শনীৰ বাবে ৰখা হৈছে। হাতে বোৱা খাং আৰু মোৰ খাই থকা আধাৰত বোৱা খাং বিলাকো ইয়াৰ ৰখা হৈছে। মেৰ খোৱা শলাকনি, ঢাৰি আৰু জৰীৰে বটীয়া পকোৱা বাঁহ আৰু বেতৰ বাচকবনীয়া হাতৰ কামবিলাকত কাৰিকৰী কৌশল ফুটি উঠিছে। আকৌ কাপোৰৰ শক্তিশালী, ধুনীয়া জ্যামিতিক আৰ্হিসমূহৰ দুৰ্বোধ্যতাত তেওঁলোকৰ পৰম্পৰাগত শিল্পীসুলভতাৰ বান্ধোনক অনুসৰণ কৰিছে। বেছিভাগ নক্সাই তেওঁলোকৰ বাস্তব্যবিদ্যাৰ প্ৰতিফলন ঘটাইছে। মিৰি জনগোষ্ঠীৰ মিৰি জিম হৈছে এক অপূৰ্ব সংগ্ৰহ। বৰ্তমানে এইবিধ কম্বল বোৱাটো কমি আহিছে।
কিছুমান পৰম্পৰাগত বাদ্যযন্ত্ৰ
যাদুঘৰৰ প্ৰদৰ্শনী বাকচত থকা গাৰো, বড়ো, তিৱা, ডিমাচা আদিৰ ঢোল আদিৰ দৰে বাদ্যযন্ত্ৰ সমূহে তেওঁলোকৰ নাচ আৰু গানৰ প্ৰতি থকা ৰাপৰ বিষয়ে গুৰ্ব আৰোপ কৰে। বড়ো, ডিমাচা আৰু কাৰ্বি জনগোষ্ঠীৰ অদ্বিতীয় তাঁৰেৰে বনোৱা বাদ্যযন্ত্ৰও নৃ-গোষ্ঠীয় যাদুঘৰত প্ৰদৰ্শনৰ বাবে ঠাই পাইছেহি। বিভিন্ন বস্তুৰে সজা বিভিন্ন আকৃতিৰ বাঁহীও প্ৰদৰ্শনৰ বাবে ৰখা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় পৰম্পৰাগত বাচকবনীয়া গহণাবিলাক এটা বেলেগ শাখাত ৰখা হৈছে।
বাকচবনীয়া জনগোষ্ঠীয় গহণা
পাহাৰীয়া জনজাতিৰ বাবে ৰংচঙীয়া মণি আৰু মুদ্ৰাসমূহ সদায় প্ৰিয়। তেওঁলোকে ৰূপৰ বাচকবনীয়া নক্সা আৰু আন আন ধাতুৰে বনোৱা অলংকাৰ আৰু কেতিয়াবা তাৰে সৈতে বণৰীয়া মণি, আইনা, জাংফাই আৰু পাখিও পিন্ধে। প্ৰৱাল মণি, শংখৰ খোলা, স্থানীয়ভাৱে পোৱা ৰঙা মণি, বাঘৰ দাঁত, ৰুদ্ৰাক্ষ আদিৰে সজা গলপতা পিন্ধাটোও সাধাৰণতে অস্বাভাৱিক নহয়। হাতী দাঁত, ৰূপ, সংকৰ ধাতু, বেত আদিৰে সজা বিভিন্ন ধৰণৰ ভৰিত পিন্ধা নুপূৰ, বাহুত পিন্ধা বাজু আদিয়েও এ.আই.আৰ.টি. এণ্ড এছ.চি.ৰ জনগোষ্ঠীয় সংগ্ৰাহালয়ৰ যাদুঘৰৰ ঠাকত ঠাই পাইছে। অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ জীৱন আৰু কৃষ্টি প্ৰতিচ্ছবি দিবলৈ অহোপুৰুষাৰ্থ কৰাৰ পিছত নৃ-গোষ্ঠীয় যাদুঘৰৰ বীথিকাত পাঁচটা হুবহু আকৃতি স্থাপন কৰা হৈছে। ছবি যেন লগা দৃশ্য পঁজাঘৰ, কাৰ্বি বড়ো, ডিমাচা, পাহাৰী তিৱা আৰু মিচিং জনজাতিৰ ক্ষুদ্ৰ ভাস্কৰ্যসমূহে তেওঁলোকৰ জীৱনশৈলী, পাৰিপাৰ্শ্বিকতা, পৰম্পৰাৰ এক হুবহু চিত্ৰ দাঙি ধৰে।
আধুনিকতাৰ আগমনৰ লগে লগে বহুবিলাক জনগোষ্ঠী তেওঁলোকৰ পুৰণি বাসস্থানৰ ফলস্বৰূপে তেওঁলোকৰ পুৰণি পৰম্পৰা ধৰি ৰাখিবলৈ অসমৰ্থ হল। যাদুঘৰবিলাকে এই ফাঁকখিনিৰ ওপৰত দলংখন সাজিবলৈ কলা সম্পদবিলাকৰ মাধ্য়মেদি যত্ন কৰি আছে আৰু জনগোষ্ঠীৰ সমৰ্থনত সেইবিলাক যাদুঘৰৰ দৰ্শনী বাকচত সুমুৱাই থৈছে। এই সময়ত প্ৰধান কামটো হৈছে এই অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ প্ৰকৃত আৰু কাল্পনিক দুয়োবিধ পৰম্পৰাকেই নথিভুক্ত কৰি ব্যাখ্যা কৰা।